কোভিড-১৯ৰ ভাৰতীয় ব্ৰহ্মাস্ত্ৰঃ ২-ডি জি

প্ৰস্তাৱনাঃ-

বিগত ১৭  মেৰ দিনা ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে সম্পূৰ্ণৰূপে ভাৰতীয় গৱেষণা আৰু প্ৰযুক্তিৰে প্ৰস্তুত কৰা কোভিড-১৯ৰ ঔষধ 2-DG ( 2- ডিঅক্সী- D- গ্লোকোজ) মুকলি কৰাৰ লগে লগে এক নতুন অধ্যায়ৰ সুচনা হৈছে বুলি কব পাৰি । সমগ্ৰ বিশ্বই এই অতিমাৰীৰ বিৰুদ্ধে যুঁজি থকাৰ সময়তে ভাৰতীয় বৈজ্ঞানিকৰ এই সাফল্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন প্ৰতিস্থানৰ ইনষ্টিটিউট অৱ নিউক্লিয়াৰ মেডিচিন এণ্ড এলাইড চায়েন্সেছৰ এটা বিজ্ঞানীৰ দলে হায়দৰাবাদৰ প্ৰখ্যাত ঔষধ প্ৰস্তুতকাৰী স্ংস্থা ডঃ ৰেড্ডীজৰ সৈতে যৌথ ভাৱে প্ৰস্তুত কৰি উলিওৱা এই ঔষধ বিধৰ সাময়িক প্ৰয়োগৰ অনুমতি যোৱা ১ মে’ৰ দিনা লাভ কৰিছিল । ভাৰতৰ ঔষধ নিয়ন্ত্ৰণকাৰী স্ংস্থা ড্ৰাগছ কন্ট্ৰোলাৰ অৱ ইণ্ডিয়াই মধ্যম তথা স্ংকটজনক স্ংক্ৰমণ হোৱা কোভিড ৰোগীৰ ক্ষেত্ৰত তাৎক্ষণিক প্ৰয়োগৰ বাবে এই অনুমতি প্ৰদান কৰিছে।

উদ্ভাৱক দলটোৰ নায়কঃ-

DRDO ডঃ অনিল কুমাৰ মিশ্ৰ

এই ঔষধ বিধৰ সৃষ্টিৰ আঁৰৰ নায়ক এগৰাকী বিজ্ঞানীৰ নাম বৰ্তমান সৰ্বত্ৰ চৰ্চালৈ আহিছে । তেওঁ হৈছে ডি আৰ ডি অ’ৰ ইনষ্টিটিউট অৱ নিউক্লিয়াৰ মেডিচিন আৰু এলাইড চায়েন্সছৰ সঞ্চালক ডঃ অনিল কুমাৰ মিশ্ৰ । উল্লেখ্য যে উত্তৰ প্ৰদেশৰ বালিয়াত জন্ম গ্ৰহণ কৰা অনিল কুমাৰ মিশ্ৰই ১৯৮৪ চনত গোৰখ্পুৰ বিশ্ববিদ্যালয়ৰ পৰা ৰসায়ণ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী তথা ১৯৮৮ চনত বেনাৰচ হিন্দু বিশ্ববিদ্যালয়ৰ পৰা আণৱিক জীৱবিজ্ঞান আৰু জৈবিক স্ংশ্লেষণ বিষয়ত গৱেষণা কৰি পি এইচ ডি গ্ৰহণ কৰে । তাৰ পিছত তেওঁ ফ্ৰান্সৰ বৰগ’নিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰজাৰ গিলাৰ্ডৰ অধীনত ৩ বছৰ আৰু যুক্তৰাষ্ট্ৰৰ কেলিফৰ্ণীয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক চি এফ মেয়াৰ্ছৰ অধীনত কেই বছৰমান গৱেষণা কৰে । ১৯৯৪ চনৰ পৰা ১৯৯৭ চনলৈ তেওঁ ফ্ৰান্সৰ ৰাষ্ট্ৰীয় চিকিৎসা গৱেষণা স্ংস্থা INSERM ৰ মুৰব্বী ৰূপে কাম কৰিছিল । ১৯৯৭ চনত তেও ডি আৰ ডি অ’ত জ্যেষ্ঠ বিজ্ঞানী ৰূপে যোগদান কৰে । ২০০২-২০০৩ চনত তেওঁ জাৰ্মানীৰ প্ৰখ্যাত ম্যাক্স প্লাংক ইনষ্টিটিউটৰ অতিথি অধ্যাপক ৰূপেও সেৱা আগবঢ়াইছিল ।সমগ্ৰ বিশ্বজুৰি কোভিড-১৯ ৰ আগ্ৰাসনে আগুৰি ধৰাৰ সময়ছোৱাত এই বিজ্ঞানী গৰাকী তেওঁৰ অধীনস্থ এটা দলক লৈ অস্ত্ৰোপচাৰ অবিহনে ব্ৰেইন টিউমাৰৰ চিকিৎসাৰ বাবে ঔষধৰ গৱেষণাত ব্ৰতি হৈ আছিল । কিন্তু, হঠাৎ সমগ্ৰ বিশ্বক স্তব্ধ কৰি দিব পৰা এই অচিন ভাইৰাছৰ স্ংক্ৰমন আৰু তাৰ বিনাশী ৰূপ দেখি তেওঁলোকে গৱেষণাৰ বিষয় সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

গৱেষণাৰ প্ৰক্ৰিয়াঃ-

তেওঁলোকে মানৱ দেহত ভাইৰাছৰ সাধাৰণ বিস্তাৰ প্ৰক্ৰিয়াৰ পৰা গৱেষণা আৰম্ভ কৰে । মানৱ দেহত যি কোনো ভাইৰাছে মানৱ কোষৰ নকল কোষ তৈয়াৰ কৰি প্ৰকৃত কোষৰ ভাগৰ প্ৰটিন ভাগ গ্ৰহণ কৰি নিজৰ ব্ংশবৃদ্ধি কৰে । প্ৰতিটো ভাইৰাছ কোষৰ দ্বিগুণ বিকাশৰ বাবে মানৱ দেহত উপলব্ধ গ্লুকোজক এই ভাইৰাছে শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰে । অৰ্থাৎ , গ্লুকোজৰ ছদ্মবেশী অণু মানৱ দেহত উপলব্ধ হ’লে ভাইৰাছে তাক গ্ৰহণ কৰিব আৰু প্ৰয়োজনীয় শক্তিৰ অভাৱত ভাইৰাছৰ বিকাশৰ হাৰ স্তিমিত হব আৰু দেহৰ নিজস্ব এণ্টিবডীয়ে ভাইৰাছ ধ্ব্ংস কৰিবলৈ সক্ষম হ’ব ।

এই খিনি চিন্তাৰে অৰ্থাৎ ‘প্ৰবঞ্চকক প্ৰবঞ্চনা ’ নীতিৰে  বিজ্ঞানীৰ দলটো গৱেষণাত আগবাঢ়িল । তেওঁলোকে ডি- গ্লুকোজ অণুৰ ২য় কাৰ্বনৰ সৈতে স্ংলগ্ন অক্সিজেন অণুটো হাইড্ৰ’ক্সিল গ্ৰুপেৰে প্ৰতিস্থাপন কৰি  2- ডিঅক্সি- D- গ্লুকোজ চমুকৈ 2- ডি জি প্ৰস্তুত কৰি উলিয়ালে । ই যিহেতু গ্লুকোজ অণুৰ ছদ্মবেশী অণু, সেয়ে অতি সহজে কোৰোণা ভাইৰাছ স্ংক্ৰমিত মানৱ কোষত প্ৰৱেশৰ সুবিধা পাব । গ্লাইকোলাইছিছ নামৰ পদ্ধতিৰ সহায়ত গ্লুকোজ অণু ভাঙি সৃষ্টি হোৱা শক্তিৰ সহায়ত সকলো জীৱ জীয়াই থাকে । কোৰোণা ভাইৰাছ জীয়াই থাকিবলৈ একেই শক্তিৰ প্ৰয়োজন ।  যিহেতু, 2-ডি জি অণুৰ গ্লাইকোলাইছিছ সম্ভৱ নহয়, সেয়েহে প্ৰয়োজনীয় শক্তি নিৰ্গমন নহয় আৰু শক্তিৰ অভাৱত লাহে লাহে প্ৰায় এসপ্তাহৰ ভিতৰত দেহৰ ভিতৰতে কোৰোণা ভাইৰাছ ধ্ংস হৈ যায় ।

কোভিড ১৯ ৰ ভাৰতীয় দৰৱ, কোভিড ৰোগৰ ঔষধ
(Image Source: https://indianexpress.com/article/india/drdo-covid-drug-2dg-price-market-7334330/)

২০২০ চনৰ মে মাহৰ পৰা অক্টোবৰ মাহলৈ ১১০ গৰাকী কোভিড স্ংক্ৰমিত ৰোগী আৰু ২০২০ চনৰ ডিচেম্বৰৰ পৰা ২০২১ চনৰ মাৰ্চ মাহলৈ ২৬ খন বিভিন্ন চিকিৎসালয়ত থকা ২২০ গৰাকী ৰোগীৰ দেহত পৰীক্ষাৰ বাবে প্ৰয়োগ কৰি প্ৰায় আশানুৰুপ ফল লাভ কৰিবলৈ সক্ষম হোৱাত ডঃ মিশ্ৰই এই ঔষধ বজাৰত উপলব্ধ কৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে ।

পৰিসমাপ্তিঃ-

পাউদাৰৰ ৰূপত উপলব্ধ হব লগা এই ঔষধ পানীৰ সৈতে মিহলাই সেৱন কৰিব লাগে । ডঃ মিশ্ৰই প্ৰকাশ কৰা মতে শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে ইয়াক সেৱন কৰিব পাৰিব । বিশ্বৰ আগশাৰীৰ দেশ সমূহৰ বিজ্ঞানী সকল কোভিড-১৯ৰ ভেক্সিন আৰু তাৰ পাৰ্শ্বক্ৰিয়াৰ গৱেষণাতেই মগ্ন হৈ থকাৰ সময়ত ভাৰতৰ দ্বাৰা আৱিস্কৃত এই কোভিড বিধ্ব্ংশী ঔষধে ভাৰতীয় বিজ্ঞানীৰ বাবে হয়টো এক নতুন অধ্যায়ৰ সুচনা কৰিব পাৰে ।

জুন মাহৰ প্ৰথম সপ্তাহত বজাৰত উপলব্ধ হবলগীয়া এই ঔষধে যদি কোভিড ৰোধ কৰাত সফলতা লাভ কৰে, তেন্তে আমি হয়টো আকৌ এবাৰ বিশ্ববাসীক কব পাৰিম- East or West , India is the best |

Read More in English: Role of Vitamin C, Vitamin D and Zinc In the Management of Covid-19


References:

Spread the love

Leave a comment