চজিনা পাতৰ গুনাগুন আৰু ইয়াৰ উপকাৰিতা

আমি প্ৰায় সকলোৱে চজিনাৰ গুনাগুন আৰু ইয়াৰ স্বাস্থ্য সম্পৰ্কীয় উপকাৰিতাৰ বিষয়ে জানো । হাজাৰ হাজাৰ বছৰ ধৰি চজিনাক ইয়াৰ স্বাস্থ্য সম্পৰ্কীয় লাভালাভৰ বাবে প্ৰশংসা কৰা হৈছে । ইয়াক “অলৌকিক গছ” বুলিও কোৱা হয়।

ভাৰতত, চজিনা মুখ্যতঃ পাচলি হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও, গছৰ বিভিন্ন অংশ পৰম্পৰাগত ভেষজ ঔষধত ব্যৱহাৰ কৰা হয়। এই ঔষধবোৰ 300 বা অধিক সচৰাচৰ আৰু দীৰ্ঘম্যাদী ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হয়।

পিছে শেহতীয়াকৈ গৱেষকসকলে চজিনা পাতৰ ঔষধীয় গুণৰ বিষয়েও অতি ব্যাপকভাৱে অধ্যয়ন কৰিছে। গৱেষকসকলে ইয়াক সবৰ্ৰোগনিবাৰক ঔষধ হিচাপে উল্লেখ কৰিছে । তেওঁলোকে উল্লেখ কৰিছে যে চজিনা পাত বিভিন্ন সচৰাচৰ আৰু দীৰ্ঘম্যাদী ৰোগৰ নিৰাময় হিচাপে ব্যৱহাৰ কৰিব পাৰি। উন্নত দেশবোৰত শুকান চজিনা পাতৰ কেপচুল বা পাউডাৰ বহূল পৰিমানে বজাৰত পোৱা যায়।

এই প্ৰবন্ধত, আমি চজিনা পাতৰ বৈজ্ঞানিক গৱেষণাৰ দ্বাৰা সমৰ্থিত স্বাস্থ্য সম্পৰ্কীয় গুনাগুনৰ বিষয়ে আলোচনা কৰিম।

চজিনা পাতৰ  গুনাগুন

চজিনা পাত আশ্চৰ্যজনকভাৱে পুষ্টিৰে সমৃদ্ধ। এক কাপ সতেজ, কটা পাতৰ (২১ গ্ৰাম)পৰা পাব পৰা পুষ্টি সমূহ এনে ধৰনৰ…..  

  • প্ৰ’টিন: ২ গ্ৰাম
  • মুঠ চৰ্বি: ০.৩ গ্ৰাম
  • কেলচিয়াম: ৩৮.৮ মিলিগ্ৰাম
  • মেগনেছিয়াম: ৮.৮২ মিলিগ্ৰাম
  • পটাছিয়াম: ৭০.৮ মিলিগ্ৰাম
  • আইৰণ: ০.৮৪ মিলিগ্ৰাম
  • ছডিয়াম: ১.৯ মিলিগ্ৰাম
  • ফছফৰাছ: ২৩.৫ মিলিগ্ৰাম
  • জিংক: ০.১৩ মিলিগ্ৰাম
  • ভিটামিন B6: ০.২৫ মিলিগ্ৰাম
  • বিটা-কেৰোটিন (ভিটামিন এ): ০.০৮ মিলিগ্ৰাম
  • ভিটামিন চি: ১১ মিলিগ্ৰাম
  • ৰিবোফ্লেভিন (ভিটামিন B2): ০.১৪ মিলিগ্ৰাম
  • ভিটামিন বি3 (নিয়াচিন): ০.৪৭ মিলিগ্ৰাম
  • চজিনা পাতৰ উপকাৰিতা

১) শক্তি বৃদ্ধি কৰে

চজিনা পাতে শৰীৰৰ ক্লান্তি দূৰ কৰি  শক্তি বৃদ্ধি কৰাত সহায় কৰে।চজিনা পাতত প্ৰ’টিনৰ মাত্ৰা বহূ বেছি আৰু ইয়াত সকলো গুৰুত্বপূৰ্ণ এমিনো এচিড থাকে। ইয়াৰ উপৰিও পাতবোৰ মুখ্যতঃ কেলচিয়াম, পটাছিয়াম, ফছফৰাছ, আইৰন আৰু ভিটামিন এ, ভিটামিন ডি, আৰু ভিটামিন চি সমৃদ্ধ । এই সকলো বোৰে আমাৰ শৰীৰৰ দুৰ্বলতা হ্ৰাস কৰাত সহায় কৰিব পাৰে।।  

২) পুষ্টিহীনতা দূৰ কৰে

চজিনা পাতে গাজৰ, গাখীৰ, পালেং শাক, কমলা, আৰু কলতকৈও অধিক পুষ্টি প্ৰদান কৰিব পাৰে। ১০০ গ্ৰাম চজিনা পাতত কমলাতকৈ ১২ গুনে বেছি ভিটামিন চি, গাখীৰতকৈ ১৭ গুনে  বেছি কেলচিয়াম, পালেং শাকতকৈ ২৫ গুনে  বেছি আইৰন, গাজৰতকৈ ১০ গুনে বেছি ভিটামিন, কলতকৈ ১৫ গুনে  বেছি পটাছিয়াম আৰু দৈতকৈ ৯ গুনে  বেছি প্ৰ্টিন পোৱা যায়।  

প্ৰায় ৬চামুচ চজিনা পাতৰ পাউডাৰে গৰ্ভৱতী মহিলাৰ দৈনিক আইৰন আৰু কেলচিয়ামৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে।  এনিমিয়াৰ চিকিৎসাৰ বাবেও ইয়াক আইৰণ টেবলেটৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰি।

পাতবোৰত প্ৰতি কিলোগ্ৰামত প্ৰায় ২৫-৩১ মিলিগ্ৰাম জিংক থাকে, যি আমাৰ আহাৰত জিংকৰ দৈনিক প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে।

health benefits of moringa leaves in assamese

৩) ডায়েবেটিছ ৰোগ প্ৰতিহত কৰে

চজিনা পাতত বিভিন্ন প্ৰকাৰৰ শক্তিশালী ফাইটোকেমিকেল যৌগ যেনে পলিফেনল, ফ্লেভনোইড, এলকালইড,  গ্লুকোচিনোলেট, টেনিন, চেপোনিন, আৰু আইছোথিঅ’য়’নেট থাকে । এই যৌগবোৰক এণ্টিঅক্সিডেণ্ট  বুলি কোৱা হয়। এই এণ্টিঅক্সিডেণ্ট যৌগবোৰে তেজত শৰ্কৰাৰ স্তৰ হ্ৰাস কৰিব পাৰে। ইয়াৰ উপৰিও এইবোৰ যৌগই  আমাৰ শৰীৰত কলেষ্টেৰল, লিপিড আৰু অক্সিডেটিভ চাপৰ স্তৰ হ্ৰাস কৰিব পাৰে যিয়ে ডায়েবেটিছৰ বিকাশত অৰিহণা যোগায় । 

৪) উচ্চ ৰক্তচাপ প্ৰতিহত কৰিব পাৰে

উচ্চ ৰক্তচাপ হৈছে ষ্ট্ৰোক, হৃদৰোগ, বৃক্কৰ ৰোগ, লগতে ডিমেনচিয়াৰ দৰে কেইবাটাও দীৰ্ঘম্যাদী ৰোগৰ মুখ্য কাৰক। আকৰ্ষণীয়ভাৱে, কেইবাটাও অধ্যয়নে দেখুৱাইছে যে চজিনা পাত নিয়মিত ভাবে গ্ৰহন কৰিলে  উচ্চ ৰক্তচাপ নিয়ত্ৰিত কৰিব পাৰি।

৫) কলেষ্টেৰল হ্ৰাস কৰিব পাৰে

গৱেষণাই দেখুৱায় যে চজিনা পাতৰ কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰিব পৰা ক্ষমতা আছে। পাতত থকা ফ্লেভনইড আৰু ফেনোলি যৌগই লিপিড প্ৰ’ফাইলৰ ওপৰত এক শক্তিশালী প্ৰভাৱ পেলাই কলেষ্টেৰল হ্ৰাস কৰাত  গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কলেষ্টেৰলৰ স্তৰ নিয়ন্ত্ৰণত ৰাখি, আপুনি পোনপটীয়াকৈ কাৰ্ডিওভাস্কুলাৰ আৰু হৃদৰোগ হোৱাৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে।

৬) হৃদযন্ত্ৰ সুৰক্ষা কৰে

চজিনা পাতত থকা ফাইটোকেমিকেল বোৰে হৃদযন্ত্ৰসুৰক্ষা কৰিব পাৰে বুলি গৱেশক সকলে প্ৰমান কৰিছে। এনেবোৰ যৌগই  মানৱ দেহত বেয়া কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰি ৰক্তনলী আৰু ধমনী বোৰ সুৰক্ষিত কৰি হাৰ্ট এটেক বা ষ্ট্ৰোকৰ পৰা আমাক ৰক্ষা কৰিব পাৰে।   

৭) সংক্ৰমণৰ সৈতে যুঁজ কৰে

চজিনা পাত বেক্টেৰিয়া আৰু ভাইৰেল সংক্ৰমণৰ পৰা সুৰক্ষিত কৰিব পৰা গুনেৰে সমৃদ্ধ।ছালৰ বিভিন্ন সংক্ৰমণ, মূত্ৰনলীৰ সংক্ৰমণ আৰু পাচন সমস্যাৰ সৈতে যুঁজ কৰাত ই সহায় কৰিব পাৰে। ইয়াৰ শক্তিশালী এণ্টিমাইক্ৰোবিয়েল গুণৰ বাবে ইয়াক আঘাত আৰু ক্ষতৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। চজিনা পাতৰ তেজ জমা খোৱাব পৰা গুণ আছে, যি ৰক্তক্ষৰণ বন্ধ কৰাত সহায় কৰিব পাৰে ।

৮) দৃষ্টি শক্তি ভালে ৰাখে

চজিনাৰ পাতত বহুল পৰিমানে ভিটামিন এ পোৱা যায় যি্যে চকুৰ স্বাস্থ্য আৰু দৃষ্টি শক্তি ভালে ৰখাত সহায় কৰে । ই চকুৰ বিভিন্ন সমস্যা যেনে চকুৰ চানি পৰা আদি ৰোগ প্ৰতিহত কৰে।

৯) হাড় শক্তিশালী কৰে

চজিনা পাতত কেলচিয়াম, ভিটামিন কে আৰু প্ৰ’টিন যথেষ্ট পৰিমাণে পোৱা যায় যিয়ে বাত বিষ, আৰু গাঁঠিৰ বিষ নিৰাময় কৰিব পাৰে। যদি আপুনি হাড়ৰ বিভিন্ন সমস্যা যেনে বাত বিষ বা গাঁঠিৰ বিষত ভুগি আছে তেন্তে নিয়মীয়াকৈ চজিনা পাত গ্ৰহণ কৰিব পাৰে।  

১০) যকৃত সুৰক্ষিত কৰে

চজিনা পাতত উচ্চ মাত্ৰাত থকা পলিফেনলে যকৃতক যিকোনো ক্ষতিৰ পৰা সুৰক্ষিত কৰিব পাৰে।  চজিনা পাতে যকৃতত এনজাইমৰ স্তৰ বৃদ্ধি কৰি যকৃতৰ ফাইব্ৰোচিছ আৰু ক্ষতি হ্ৰাস কৰিব পাৰে আৰু ইয়াক সঠিকভাৱে কাম কৰাত সহায় কৰে।।

১১) কৰ্কট ৰোগ প্ৰতিহত কৰিব পাৰে

গৱেষণাৰ পৰা দেখা গৈছে যে চজিনা পাতত পলিফেনল, ফ্লেভনোইড, এলকালইড,  গ্লুকোচিনোলেট, টেনিন, চেপোনিন, আৰু আইছোথিঅ’য়’নেট আদি কেইবাটাও গুৰুত্বপূৰ্ণ এণ্টিঅক্সিডেণ্ট থাকে। এণ্টিঅক্সিডেণ্ট হৈছে এনেবোৰ যৌগ যি আপোনাৰ শৰীৰত প্ৰ্দুষণ বা বিভিন্ন কাৰকৰ পৰা হোৱা ক্ষতিকাৰক কাৰ্যকলাপ নিষ্ক্ৰিয় কৰে আৰু কোষৰ ক্ষতি প্ৰতিহত কৰে। এই যৌগবোৰে কৰ্কট ৰোগ প্ৰতিহত কৰাত সহায় কৰে । গৱেষণাই দেখুৱায় যে চজিনা পাতৰ  অগ্ন্যাশয় আৰু স্তনৰ কৰ্কট ৰোগৰ চিকিৎসা কৰিব পৰা সম্ভাৱনা আছে।

১২) এলঝাইমাৰ আৰু পাৰ্কিনচন ৰোগৰ পৰা সুৰক্ষিত কৰিব পাৰে

চজিনা পাতত পোৱা এণ্টিঅক্সিডেণ্ট যৌগ আইছোথিয়েনেটে মস্তিষ্কৰ কাৰ্য উন্নত কৰাত লাভজনক প্ৰভাৱ পেলায়। এই যৌগই স্মৃতি শক্তি বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ উপৰিও চজিনা পাতে বিভিন্ন স্নায়বিক ৰোগ যেনে এলঝাইমাৰ ৰোগ, পাৰ্কিনচন ৰোগ, আৰু ডিমেনচিয়াৰ  আশংকা প্ৰতিহত কৰিব পাৰে।

চজিনা পাত কেনেকৈ খাব

চজিনা পাত আপুনি তিনি ধৰণে খাব পাৰে: কেঁচা পাত, পাতৰ ৰস আৰু  পাউডাৰ ।

আপুনি কেঁচা পাতৰ তৰকাৰী, চুপ, চাহ নাইবা চালাড টপিং হিচাপে খাব পাৰে।

আপুনি ঘৰতে চজিনা পাতৰ পাউডাৰ তৈয়াৰ কৰিব পাৰে। চজিনাৰ পৰ্যাপ্ত পৰিমাণৰ সতেজ পাত লওঁক আৰু সেইবোৰ ছাঁত শুকাবলৈ দিয়ক, পোনপটীয়া সূৰ্যৰ পোহৰত নুশুকাব কিয়নো ই পাতৰ পুষ্টিৰ মূল্য হ্ৰাস কৰিব। ইয়াক শুকাই যোৱাৰ পিছত, মিক্সাৰ গ্ৰাইন্দাৰত পিহি পাউডাৰ তৈয়াৰ কৰি বহুদিনলৈ সাঁচি ৰাখিব পাৰে।

উপসংহাৰ

দেখা গৈছে যে চজিনা পাত প্ৰ্ৰচুৰ পৰিমানে খনিজ পদাৰ্থ, ভিটামিন, আৰু অন্যান্য অত্যাৱশ্যকীয় পুষ্টিৰে সমৃদ্ধ। কেইবাটাও অধ্যয়নে পুষ্টিহীনতাৰ পৰা কৰ্কট ৰোগলৈ বিভিন্ন বিকাৰৰ পৰা সুৰক্ষিত কৰাত চজিনা পাতৰ স্বাস্থ্য লাভালাভবোৰ নথিভুক্ত কৰিছে ।

অবিকশিত দেশবোৰত চজিনা পাত ঔষধ হিচাপে ব্যৱহাৰ কৰাৰ যথেষ্ট সম্ভাৱনা আছে য’ত পুষ্টিহীনতা এটা গুৰুতৰ সমস্যা। ভাৰতৰ স্থানীয় গছ হিচাপে, যদি এই সম্ভাৱনা সঠিকভাৱে ব্যৱহাৰ কৰা হয় তেন্তে চজিনা দেশৰ বাবে উপাৰ্জনৰ এক উৎস হ’ব পাৰে।

Read English Version: 11 Science-Based Facts Why Moringa Leaves Are Good For You

Refernces:

Spread the love

Leave a comment