ঔ টেঙাৰ ৮ টা আচৰিত স্বাস্থ্যৰ প্ৰতি উপকাৰী ঔষধি গুণ

ঔটেঙা এবিধ বিভিন্ন স্বাস্থ্যৰ প্ৰতি উপকাৰী গুণেৰে পৰিপুষ্ট ফল । ইয়াৰ বিভিন্ন ঔষধি গুণ প্ৰাচীন শাস্ত্ৰ সমূহত উল্লেখ আছে । যেনে- যজুৰ্বেদ , চৰক স্ংহিতা, সুশ্ৰুত স্ংহিতা , ৰজনীঘান্টু , মৎস্য পুৰাণ, অগ্নি পুৰাণ, ফ্লোৰা অৱ চাইনা ইত্যাদি । বহুতো শেহতীয়া গৱেষণাত এই  বহুগুণী ফলবিধৰ ব্যৱহাৰিক গুণ সাধাৰণ লোক কথাৰ উৰ্ধত বুলি প্ৰমাণিত হোৱাৰ লগতে ইয়াৰ স্বাস্থ্যৰ প্ৰতি থকা উপকাৰিতা সমুহ স্বীকৃত হৈছে । আমাৰ এই লেখনিটোৰ জৰিয়তে ঔটেঙাৰ ঔষধি গুণ লগতে সচৰাচৰ গাৱলীয়া ভাৱে ব্যৱহৃত আৰূ আধুনিক বিজ্ঞান সন্মত ব্যৱহাৰিক গুণৰ এক আলোচনা কৰিম।

বিভিন্ন ভাষাত ঔটেঙাৰ নাম

  • সংস্কৃত- কৰভাট্টা
  • হিন্দী – চলতা, কৰমবেল
  • বাংলা- চলতা
  • ওড়িয়া- কূ, উভূ
  • গুজৰাটী- কৰমবেল
  • কন্নড়- বেট্টা কানিজালা
  • মাৰাঠী- মোটা কৰমল
  • মালয়ালম- চলিতা , পুন্না
  • মণিপুৰী- হেইগ্ৰী
  • তামিল- উভা
  • তেলেগু- উভা
  • নেপালী- পাঞ্চা ফল, পাঞ্চা কুলে, ৰাম ফল , থুল’ তাত্ৰী
ঔ টেঙাৰ ঔষধি গুণ

লোকাচাৰ মতে ঔ টেঙাৰ ঔষধি গুণ হিচাপে ঔ টেঙাৰ প্ৰচলিত ব্যৱহাৰ

অসমকে আদি কৰি উত্তৰ পূৰ্বাঞ্চলৰ বহুকেইটা জনগোষ্ঠীয়ে ঔ টেঙাক লোকাচাৰৰ দৰৱ ৰূপে ব্যৱহাৰ কৰে । যেনে-

  • ঔ টেঙাৰ ছাল আৰু পাত বহু ঠাইত জোলাপ আৰু উদ্দীপক ৰূপে ব্যৱহাৰ কৰা হয় ।
  • ফল বিধৰ ৰস পানী আৰু চেনীৰ সৈতে মিহলাই শীতল পানীয় ৰূপে ব্যৱহাৰ কৰা হয় ।
  • ফল বিধৰ ৰস পেটৰ বিষৰ উপশমকাৰক ৰূপে ব্যৱহাৰ হয় ।
  • কোমল পাত এটা চোবাই খালে গ্ৰহনী ৰোগ উপশম হয় ।
  • ঔ টেঙাৰ গছ যৌনশক্তি বৰ্ধক আৰু পুৰুষত্ব বৃদ্ধি কাৰক ৰূপে ব্যৱহাৰ হয় ।
  • ফল বিধৰ ৰস পিত্ত, কফ তথা দুৰ্গন্ধ্ যুক্ত বায়ু নিস্কাসনত সহায়ক ।
  • ঔ টেঙাৰ ৰস হৃদৰোগীৰ বাবে উপকাৰী ।
  • পকা ঔ টেঙাৰ ৰস ক্ষুধা বৰ্ধক আৰু শ্লেষ্মাৰ শূলবেদনা উপশম কাৰক ।
  • ঔ টেঙা গছৰ কাঁইট যিকোনো বিষৰ প্ৰতিষেধক হিচাপে ব্যৱহাৰ হয় ।
  • ঔ টেঙাই মানৱ দেহৰ স্নায়ু তন্ত্ৰ সবল কৰাৰ লগতে দেহৰ ভাগৰ আতঁৰায় ।
  • মিজোৰামৰ বিভিন্ন জনগোষ্ঠীয়ে ঔ টেঙাৰ ছাল আৰু ফলৰ ৰস মিহলাই কৰ্কট আৰু গ্ৰহনী ৰোগীক পান কৰিবলৈ দিয়ে ।
  • ঔ গছৰ ছাল বটি গাঁঠীৰ  বিষৰ মলম ৰূপে ব্যৱহাৰ কৰা হয় ।
  • অসমত লোক বিশ্বাস অনুসৰি বসন্ত ৰোগ প্ৰতিৰোধ কৰিবলৈ বিচনাৰ তলত ঔ টেঙা থোৱা হয় ।
  • ঔ গছৰ আঠা অসমৰ কিছু জনগোষ্ঠীয়ে কঁটা-ছিগাত প্ৰলেপ দি দৰৱ ৰূপে ব্যৱহাৰ কৰে ।
  • ঔ গছৰ শিপা কলেৰাৰ প্ৰতিষেধক ৰূপে ব্যৱহৃত হয় ।
  • বুকুৰ জ্বলা-পোৰা উপশমৰ বাবে ঔ গছৰ শিপা বটাৰ প্ৰলেপ ব্যৱহাৰ কৰা হয় ।
  • মূখৰ সংক্ৰমণৰ ঔষধ ৰূপে ঔ টেঙা গছৰ ছাল ব্যৱহাৰ কৰা হয় ।
  • ঔ টেঙা ফলটোৰ ভিতৰত থকা জেলী জাতীয় পদাৰ্থ বিধ উফি আৰু ছুলি সৰাৰ চিকিৎসা কৰা হয় ।
  • ঔ টেঙাৰ বাদু বা শাহ শ্বেম্পো ৰূপেও ব্যৱহাৰ কৰা হয় ।

আধুনিক বিজ্ঞান অনুসৰি ঔ টেঙাৰ ৮ টা ঔষধি গুণ

আধুনিক বিজ্ঞানৰ অধ্যয়ন অনুসৰিও ঔ টেঙাৰ বিভিন্ন স্বাস্থ্যৰ প্ৰতি উপকাৰী গুণ আছে । এই উদ্ভিদ জোপাত ট্ৰাইটাৰ্পেনয়দ , ফ্লেভনয়দ , টেনিন, ভিটামিন আৰু খনিজ পদাৰ্থ পৰ্যাপ্ত পৰিমানে পোৱা যায় । বিভিন্ন গৱেষণাৰ পৰা প্ৰাপ্ত  তথ্য অনুসৰি ঔ টেঙাত থকা প্ৰধান ট্ৰাইটাৰ্পেনয়দ পদাৰ্থ হৈছে বেটুলিন আৰু বেটুলিনিক এচিড যাৰ মানৱ দেহত বহুতো সুপ্ৰভাৱ পোৱা যায় । তদুপৰি, উল্লেখিত পদাৰ্থ সমূহৰ এণ্টি- এইছ আই ভি, এণ্টি- কেঞ্চাৰ, এন্টি- ইনফ্লেমেটৰী, কৰ্কট ৰোগ প্ৰতিৰোধক, বিষ নাশক, এণ্টি- মেলেৰিয়া , এণ্টি- ডায়েৰিয়া, আঘাট উপশম, চুলিৰ সৌন্দৰ্য বৰ্ধন ইত্যাদি গুণ আছে ।

ঔ টেঙাৰ বিজ্ঞান সন্মত স্বাস্থ্যৰ ঔষধি গুণ আলোচনা কৰা হল-

১. ব্লাড চুগাৰ হ্ৰাস

ব্লাড চুগাৰ বা ডায়েবেটিচ মেলিটাছ মানৱ দেহৰ এটা এনে আভ্যন্তৰিণ শাৰীৰিক বিসংগতি যাৰ ফলত শৰীৰত আন কিছুমান উপসৰ্গই দেখা দিয়ে । যেনে- কিড্নী বিকল, লিভাৰৰ ব্যাধি, হৃদ ৰোগ, হৃদক্ৰিয়া বন্ধ, দৃষ্টি শক্তি লোপ, স্নায়ু ৰোগ ইত্যাদি । অৰ্থাৎ, ডায়েবেটিচৰ যত্ন লওঁতে মাত্ৰ চুগাৰ নিয়ন্ত্ৰণেই নহয় আন বহুতো আনুস্ংগিক কথাত ধ্যান দিয়া প্ৰয়োজন ।

এই চুগাৰ নিয়ন্ত্ৰণ বা আনুস্ংগিক ৰোগ সমূহৰ চিকিৎসাত ঔ টেঙাৰ অসাধাৰণ কৃতকাৰ্যতা প্ৰমাণ হৈছে যদিও বৰ্তমানলৈ তাৰ ব্যৱহাৰ সীমিত হৈ আছে ।

বিভিন্ন গৱেষণাত ঔ টেঙাৰ এণ্টি-ডায়েবেটিক গুণ প্ৰমানিত হোৱাৰ লগতে ডায়েবেটিচৰ ব্যৱস্থাপনা আৰু আনুস্ংগিক ৰোগ যেনে- হাইপাৰলিপিদেমিয়া, ডায়েবেটিক নিউৰোপেথি আৰু নেফ্ৰোপেথি আদিৰ ক্ষেত্ৰত সাফল্য লাভ কৰা হৈছে ।

২. ৰক্ত চাপ হ্ৰাস

ঔ টেঙাত প্ৰচুৰ পৰিমাণে পটেছিয়াম পোৱা যায় । সেয়েহে, ৰক্ত চাপ  নিয়ন্ত্ৰণত কলৰ বিকল্প ৰূপে ব্যৱহাৰ কৰিব পৰা যায় । তদুপৰি, ই তেজত কলেষ্টেৰ’ল হ্ৰাস কৰাত সহায় কৰে । ৰক্ত চাপ হ্ৰাস কৰিবলৈ কল সেৱন কৰি আমনি লাগিলে , প্ৰতি দিনে খাদ্যৰ সৈতে এচকল ঔ টেঙা খালে ৰক্ত চাপ হ্ৰাসত সহায় হোৱাৰ লগতে হৃদযন্ত্ৰৰ স্পন্দন হ্ৰাস পায় । অৰ্থাৎ- নিয়মিত ঔ টেঙা সেৱনে হৃদযন্ত্ৰ সুঠাম কৰি ৰাখি কাৰ্ডিওটনিকৰ কাম কৰে ।

৩. ইমিউনিটি বৃদ্ধি আৰু স্ংক্ৰমণ ৰোধ

ঔ টেঙাত ভিটামিন- চি অথবা এচকৰ্বিক এচিড প্ৰচুৰ পৰিমাণে থাকে । ভিটামিন-চি এবিধ অতি শক্তিশালী এণ্টি-অক্সিডেণ্ট । ই শৰীৰত ইমিউনিটি বৃদ্ধি কৰাত সহায় কৰে । তদুপৰি, বহুতো প্ৰাণনাশক ৰোগ যেনে- কৰ্কট ৰোগ, হৃদ ৰোগ বা আন দীৰ্ঘস্থায়ী ৰোগ উপশমত ভিটামিন-চি এক নিৰ্ণায়ক উপাদান ৰূপে চিহ্নিত হৈছে ।

পানী লগা, চৰ্দি বা আনুস্ংগিক ৰোগৰ নিয়মিত স্ংক্ৰমণ থকা ৰোগীয়ে ঔ টেঙা খাই ভিটামিন-চিৰ পৰিমাণ বৃদ্ধি কৰি সকাহ পোৱা দেখা গৈছে । ইয়াক তৰকাৰী বা ফলৰ ৰস হিচাপে খাই দেহত ভিটামিন-চি পৰ্যাপ্ত পৰিমাণে পাব পাৰি ।

৪. বাৰ্ধক্য নিয়ন্ত্ৰণ

ঔ টেঙা ফ্লেভোনয়ড , ভিটামিন-চি , ভিটামিন-ই আদি এণ্টি- অক্সিডেণ্টৰ উৎস হোৱা বাবে ই মানৱ দেহৰ চাল সতেজ আৰু যৌৱনময় কৰি ৰখাত সহায় কৰে । চালত বয়সৰ চাপ পেলোৱা মুক্ত ৰেডিকেল সমূহ এই এণ্টি-অক্সিডেণ্ট সমুহে ধ্ব্ংস কৰি চাল খন সতেজ হৈ থকাত সহায় কৰে । তদুপৰি, এই উপাদান সমূহে চালত কলাজেন নামৰ এবিধ প্ৰটিন উৎপন্ন কৰি চাল খন টান কৰে আৰু সোঁতোৰা পৰাৰ পৰা ৰক্ষা কৰে ।

৫.  দেহত শক্তি আৰু সতেজতা বৃদ্ধি

ঔ টেঙাত বহু পৰিমাণে কেলৰি থকাৰ উপৰিও ভিটামিন- বি কমপ্লেক্স, আইৰণ, প্ৰটিন আৰু প্ৰয়োজনীয় চৰ্বী বহু পৰিমাণে থাকে । গতিকে, দেহৰ আভ্যন্তৰিণ প্ৰক্ৰিয়া সমুহ সুকলমে পৰিচালিত হবলৈ ই পৰ্যাপ্ত শক্তিৰ যোগান ধৰে । তদুপৰি, মগজু আৰু স্নায়ু তন্ত্ৰৰ সুস্থতাৰ বাবে ভিটামিন-বি কমপ্লেক্স এক অপৰিহাৰ্য উপাদান । ইয়াৰ বাদেও, ঔ টেঙাত থকা ষ্টেৰল, চেপোনিন , টেনিন ইত্যাদি উপাদানে স্মৃতি শক্তি বৃদ্ধি, মনৰ সতেজতা বৃদ্ধি, উৎকণ্ঠা আৰু মানসিক অৱসাদ আতঁৰোৱাৰ কাম কৰে ।

তদুপৰি, ঔ টেঙাৰ নিয়মিত সেৱনে দেহৰ দুৰ্বলতা আৰু আইৰণৰ অভাৱত হোৱা ৰক্তহীনতা দুৰ কৰাত সহায় কৰে ।

৬. কিডনীৰ সুৰক্ষা

ঔ টেঙাত প্ৰচুৰ পৰিমাণে এণ্টি-অক্সিডেণ্ট থকাৰ বাবে ই দেহৰ আভ্যন্তৰত ঘুৰি থকা মুক্ত ৰেডিকেল সমুহৰ ধ্বংসাত্মক কাৰ্যকলাপ ৰোধ কৰি দেহৰ কোষ সমুহ ৰক্ষা কৰে । তদুপৰি, দেহৰ ভিতৰত উৎপন্ন হোৱা টক্সিন সমুহ অক্ষতিকাৰক আবৰ্জনালৈ ৰূপান্তৰ কৰি দেহৰ পৰা প্ৰাকৃতিক ভাৱে নিস্কাষণত সহায় কৰে ।

পকা ঔ টেঙাৰ ৰস আমাৰ দেহৰ বাবে ভাল ডিটক্স পানীয় বুলি প্ৰমাণিত হৈছে । সেয়েহে, ঔ টেঙা সেৱন কাৰীৰ কিডনীয়ে দেহৰ আৱৰ্জনা নিস্কাষণত সুবিধা হয় আৰু কিডনী সুস্থ থকাৰ বাবে আনুস্ংগিক ৰোগ সমুহ প্ৰতিৰোধ হয় ।

৭. পেটৰ ৰোগ নিৰাময়

ডায়েৰিয়া, পেট চলা , উদৰৰ বিষ আদিৰ বাবে টেনিনপুষ্ট খাদ্য বৰ উপকাৰী বুলি প্ৰমাণিত হৈছে । ঔ টেঙাৰ ছাল আৰু পাতত প্ৰচুৰ পৰিমাণে টেনিন থাকে বাবে ইয়াক বটি পানীৰ সৈতে মিহলাই খালে ওপৰোক্ত পেটৰ ৰোগ সমুহ উপশম হোৱা দেখা যায় । শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে সেৱন কৰিব পৰা এই পানীয় কলেৰা ৰোগৰো প্ৰতিৰোধক বুলি প্ৰমাণ পোৱা গৈছে ।

৮. চকুৰ সুস্থতা

আমাৰ চকুৰ সুস্থতাৰ বাবে দেহত প্ৰচুৰ পৰিমাণে ভিটামিন-এ থকা প্ৰয়োজন । ঔ টেঙাত প্ৰচুৰ পৰিমাণে ভিটামিন-এ আছে বুলি বৈজ্ঞানিক ভাৱে প্ৰমাণিত হৈছে । কোৱাবাহুল্য যে ভিটামিন-এ প্ৰচুৰ পৰিমাণে থকা খাদ্য সেৱনে চকুৰ বিভিন্ন ৰোগ আতঁৰ কৰে । সেয়েহে, ঔ টেঙাৰ নিয়মিত সেৱন চকুৰ সুস্থতাৰ কাৰণ বুলি কব পাৰি ।

Read More In English: 8 Amazing Health Benefits of Elephant Apple/Chalta

ৰন্ধন প্ৰক্ৰিয়াত ঔ টেঙাৰ ব্যৱহাৰ

  • ফল বিধৰ মঙহাল পাহি বোৰ কেচাঁই বা ৰান্ধি খাব পাৰি ।
  • দাইল বা তৰকাৰীত সোৱাদ সলনিৰ বাবে এচকল দিব পাৰি ।
  • ফলৰ সিধা জাম, জেলী, মাছৰ টেঙা জোল  বা পানীয় প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয় ।
  • ঔ টেঙাৰ ফুলৰ পাহি্ৰ পৰা  চিৰাপ প্ৰস্তুত কৰা হয় ।
  • থাইলেণ্ডত কেচাঁ ঔ টেঙা ছাটনী বা আছাৰ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰে ।
  • চীন দেশৰ য়ুনান, গোৱাংজি আদি প্ৰদেশৰ পাৰ্বত্য অঞ্চলত ঔ টেঙা খাদ্য ৰূপে গ্ৰহণ কৰে ।
  • অসমীয়া সকলে কেচাঁ ঔ টেঙাৰ আঞ্জা আৰু পকা ঔ টেঙাৰ আচাৰ খায় ।

পৰিসমাপ্তি

লোকাচাৰ অনুসৰি প্ৰচলিত ঔ টেঙাৰ ঔষধি গুণ সমুহ বৈজ্ঞানিক অনুসন্ধান অনুসৰি প্ৰমাণিত হৈছে । বিভিন্ন দীৰ্ঘস্থায়ী আৰু মাৰাত্মক ৰোগত ঔ টেঙাৰ উপশম কাৰী গুণ বিজ্ঞানী সকলে মানি লৈছে । সেয়েহে, ঔ টেঙা এবিধ প্ৰাকৃতিক ভাৱে উপলব্ধ সুলভ মূল্যৰ সুষম খাদ্য বুলি কব পাৰি । তথাপিও, মানৱ জাতিৰ কল্যাণৰ বাবে এই ফল বিধৰ ঔষধি আৰু উপকাৰী গুণ সমুহৰ বিষয়ে বিষদ অধ্যয়নৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি ।


References:

Spread the love

Leave a comment