ঔ টেঙাৰ ৮ টা আচৰিত স্বাস্থ্যৰ প্ৰতি উপকাৰী ঔষধি গুণ

ঔটেঙা এবিধ বিভিন্ন স্বাস্থ্যৰ প্ৰতি উপকাৰী গুণেৰে পৰিপুষ্ট ফল । ইয়াৰ বিভিন্ন ঔষধি গুণ প্ৰাচীন শাস্ত্ৰ সমূহত উল্লেখ আছে । যেনে- যজুৰ্বেদ , চৰক স্ংহিতা, সুশ্ৰুত স্ংহিতা , ৰজনীঘান্টু , মৎস্য পুৰাণ, অগ্নি পুৰাণ, ফ্লোৰা অৱ চাইনা ইত্যাদি । বহুতো শেহতীয়া গৱেষণাত এই বহুগুণী ফলবিধৰ ব্যৱহাৰিক গুণ সাধাৰণ লোক কথাৰ উৰ্ধত বুলি প্ৰমাণিত হোৱাৰ লগতে ইয়াৰ স্বাস্থ্যৰ প্ৰতি থকা উপকাৰিতা সমুহ স্বীকৃত হৈছে । আমি আমাৰ এই লেখনিটোৰ জৰিয়তে ঔটেঙাৰ সচৰাচৰ গাৱলীয়া ভাৱে ব্যৱহৃত ঔষধি গুণ আৰু আধুনিক বিজ্ঞান সন্মত ব্যৱহাৰিক গুণৰ এক আলোচনা কৰিম ।