কোভিড-১৯ৰ ভাৰতীয় ব্ৰহ্মাস্ত্ৰঃ ২-ডি জি

বিগত ১৭ মেৰ দিনা ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে সম্পূৰ্ণৰূপে ভাৰতীয় গৱেষণা আৰু প্ৰযুক্তিৰে প্ৰস্তুত কৰা কোভিড-১৯ৰ ঔষধ 2-DG ( 2- ডিঅক্সী- D- গ্লোকোজ) মুকলি কৰাৰ লগে লগে এক নতুন অধ্যায়ৰ সুচনা হৈছে বুলি কব পাৰি । সমগ্ৰ বিশ্বই এই অতিমাৰীৰ বিৰুদ্ধে যুঁজি থকাৰ সময়তে ভাৰতীয় বৈজ্ঞানিকৰ এই সাফল্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ।ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন প্ৰতিস্থানৰ ইনষ্টিটিউট অৱ নিউক্লিয়াৰ মেডিচিন এণ্ড এলাইড চায়েন্সেছৰ এটা বিজ্ঞানীৰ দলে হায়দৰাবাদৰ প্ৰখ্যাত ঔষধ প্ৰস্তুতকাৰী স্ংস্থা ডঃ ৰেড্ডীজৰ সৈতে যৌথ ভাৱে প্ৰস্তুত কৰি উলিওৱা এই ঔষধ বিধৰ সাময়িক প্ৰয়োগৰ অনুমতি যোৱা ১ মে’ৰ দিনা লাভ কৰিছিল । ভাৰতৰ ঔষধ নিয়ন্ত্ৰণকাৰী স্ংস্থা ড্ৰাগছ কন্ট্ৰোলাৰ অৱ ইণ্ডিয়াই মধ্যম তথা স্ংকটজনক স্ংক্ৰমণ হোৱা কোভিড ৰোগীৰ ক্ষেত্ৰত তাৎক্ষণিক প্ৰয়োগৰ বাবে এই অনুমতি প্ৰদান কৰিছে ।